ৰামায়ণত তেওঁক কপিকুলৰ কবিৰাজ সুসেনৰ জীয়ৰী বুলি কোৱা হৈছে। কিন্তু ইয়াৰ পৰৱৰ্তী সূত্ৰসমূহৰ মতে তাৰা আছিল সমুদ্ৰ মন্থনৰ ফলত নিৰ্গত হোৱা এগৰাকী অপ্সৰা। তেওঁ বালিক বিয়া কৰায় আৰু অংগদৰ জন্ম দিয়ে। এক ৰাক্ষসৰ সৈতে হোৱা যুঁজত বালিৰ মৃত্যু হোৱা বুলি ভাবি সুগ্ৰীৱ নিজে কিষ্কিন্ধাৰ ৰাজপাটত বহে আৰু তাৰাক গ্ৰহণ কৰে। কিন্তু পৰৱৰ্তী সময়ত বালিৰ প্ৰত্যাৱৰ্তন ঘটে আৰু তেওঁ ৰাজদ্ৰোহৰ অপৰাধত সুগ্ৰীৱক নিৰ্বাসন দি পুনৰ তাৰাক নিজৰ কৰি লয়।
যেতিয়া সুগ্ৰীবে বালিক দ্বন্দ্ব যুদ্ধৰ বাবে প্ৰত্যাহ্বান জনায়, তাৰাই বালিক ৰামায়ণৰ নায়ক আৰু বিষ্ণুৰ অৱতাৰ ৰামৰ সৈতে সুগ্ৰীৱৰ মিত্ৰতাৰ বাবে এই প্ৰত্যহ্বান গ্ৰহণ নকৰিবলৈ পৰামৰ্শ দিছিল। কিন্তু বালিয়ে এই পৰামৰ্শ আওকাণ কৰে আৰু ৰামৰ হাতত মৃত্যু বৰণ কৰে। ৰামায়ণ আৰু ইয়াৰ পিছৰ অভিযোজনবোৰে তাৰাৰ বিলাপৰ ওপৰত গুৰুত্ব আৰোপ কৰে। যদিও বেছিভাগ স্থানীয় ভাষাৰ সংস্কৰণত তাৰাই ৰামক তেওঁৰ সতীত্বৰ শক্তিৰ দ্বাৰা অভিশাপ দিয়ে, কিছুমান সংস্কৰণত ৰামে তাৰাক জ্ঞান প্ৰদান কৰে।
সুগ্ৰীৱে সিংহাসন পুনৰাই লাভ কৰি তেওঁৰ সময়বোৰ আনন্দৰে অতিবাহিত কৰে আৰু ৰামক তেওঁৰ অপহৃত পত্নী সীতাক উদ্ধাৰ কৰাত সহায় কৰাৰ প্ৰতিশ্ৰুতি পালন কৰাত ব্যৰ্থ হয়। সুগ্ৰীৱৰ ৰাণী আৰু মুখ্য কূটনীতিবিদৰ স্থান লোৱা তাৰাই তেতিয়া সুগ্ৰীবে বিশ্বাসঘাতকতা কৰা বুলি কিষ্কিন্ধাক ধ্বংস কৰিবলৈ ওলোৱা ৰামৰ ভ্ৰাতৃ লক্ষ্মণক শান্ত কৰাৰ পিছত সুগ্ৰীৱৰ সৈতে ৰামৰ মিলামিছা কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এই ঘটনাৰ পিছত, তাৰাক কেৱল অঙ্গদৰ মাতৃ আৰু সুগ্ৰীৱৰ ৰাণী হিচাপেহে উল্লেখ কৰা হৈছে কিয়নো কাহিনীৰ পটভূমিয়ে কিষ্কিন্ধাৰ পৰা লংকাৰ যুদ্ধলৈ গতি কৰে।
তাৰাৰ বুদ্ধিমত্তা, উপস্থিত বুদ্ধি, সাহস আৰু তেওঁৰ স্বামী বালিৰ প্ৰতি আনুগত্য প্ৰশংসাৰ যোগ্য বুলি কোৱা হয়। তেওঁক পঞ্চকন্যা মাজত স্থান দিয়া হয় যাৰ নাম ল'লে পাপ দূৰ হয় বুলি বিশ্বাস কৰা হয়।