ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/ছেপ্টেম্বৰ-২০১৫
< ২০১১ চনৰ জানুৱাৰীত ঘৰত ইণ্টাৰনে'ট সংযোগ এটা ল'লোঁ। ফে'চবুকত ইটো-সিটো চাই থাকোঁতে নতুনকৈ গঢ় লোৱা "অসমীয়া কথা-বতৰা" গোটৰ যোগেদি ইউনিক'ডত অসমীয়া লিখিবলৈ শিকিলোঁ। কোনোবাই "Assamese wikipedia community" গোটটোতো সুমুৱাই দিলে। তাৰ পাছত এদিন মন কৰিলোঁ যে ইংৰাজী ৱিকিপিডিয়াত গোপীনাথ বৰদলৈৰ বিষয়ে একেবাৰে কম কথা আছে। অসমীয়া কিতাপ এখনৰ পৰাই অনুবাদ কৰি কৰি কিছু তথ্য প্ৰবন্ধটোত যোগ দিলোঁ। ৰাতিলৈ চাওঁতে দেখিলোঁ কোনোবাই 'ৰেফাৰেন্স'ৰ অভাৱ বুলি জাননী এখন লগাই থৈছে। আঁতৰাই দিলোঁ। পাছদিনা আকৌ দেখিলোঁ সেইখন। পুনৰ আঁতৰালোঁ। বুলজিৎ বুঢ়াগোহাঁই দাদাক ৱিকিপিডিয়াত ৰেফাৰেন্স যোগ কৰাৰ কথা জানে নেকি সুধিলোঁ; তেখেতে নাজানো বুলি কৈ অঞ্জল বৰা দাদালৈ ৰেফাৰ কৰি দিলে। অঞ্জল দাদাই প্ৰক্ৰিয়াটো বুজালে, লগতে সুধিলে- "তুমি অসমীয়া ৱিকিপিডিয়াত কিয় নিলিখা। তাত প্ৰবন্ধ আৰু সক্ৰিয় সদস্য তেনেই কম।" শলাগি থ'লোঁ। দুদিনমান পাছত অসমীয়া ৱিকিপিডিয়া খুলি চালোঁ। ২০০২ চনৰ জুনতে মুকলি কৰা ৱেবছাইটোত প্ৰবন্ধ সংখ্যা প্ৰায় ২৫০টা। তাতো বলঙুৱা আখৰৰ মিশ্ৰণেৰে বাৰেপাচি ভুল। কিছুমান দুশাৰীমানৰ পৃষ্ঠা। কিবা এটা কৰোঁ বুলি "সৌৰভ কুমাৰ চলিহা" বিষয়ে কোনোবা এখন গল্পৰ কিতাপৰ গল্পকাৰ পৰিচিতিৰ পৰা চাই চাই অকণমান লিখিলোঁ। ন-শিকাৰু বাবে যুঁজি যুঁজি অসমীয়া টাইপ কৰোঁতেই বহু সময় লাগিল। সেইদিনা আছিল ২০১১ চনৰ ১১ ফেব্ৰুৱাৰী। তেতিয়াৰ পৰাই অসমীয়া ৱিকিপিডিয়াৰ লগত যুক্ত হ'লোঁ আৰু আজিও সেই সম্পৰ্ক অলপো টুটা নাই বুলি ভাবোঁ। অসমীয়া ৱিকিপিডিয়াৰ অৱস্থা ভাল কৰিবলৈ চিজু এলেক্স নামৰ এজন কেৰালাৰ ব্যক্তি আগবাঢ়ি আহিল। লগত কেইজনমান অসমীয়া e-সেনা। সকলোৱে মিলি আমি বেটুপাত সাজিলোঁ, সাঁচবোৰ ঠিক-ঠাক কৰিলোঁ, ইউজাৰ ইণ্টাৰফে'চৰ গতি লগালোঁ ইত্যাদি। আক-তাক ৱিকিপিডিয়াত লিখিবলৈ শিকালোঁ। লাহে লাহে দুই-এজনকৈ সক্ৰিয় সদস্য বাঢ়ি আহিল, প্ৰবন্ধৰ সংখ্যা-মানৰ উন্নতি হ'ল। ২০১৩ চনৰ ৪ জানুৱাৰীত সকলোৱে লাগি-ভাগি অনলাইন মুক্ত পুথিভঁৰাল অসমীয়া ৱিকিউৎসও মুকলি কৰিলোঁ। বহুখিনি হোৱা দেখিলোঁ। বহুখিনি হ'বলৈ এতিয়াও বাকী। বহু ভাৰতীয় ভাষাৰ ৱিকিপিডিয়া, ৱিকিউৎসৰ তুলনাত আমি এতিয়াও পিছপৰা। ফে'চবুকত কথাৰ মহলা মৰা মানুহ বহুত, কিবা এটা কৰিবলৈ আগবাঢ়ি অহা মানুহ কম। তথাপিওতো হেঁপাহৰ শেষ নাই। অসমীয়া ৱিকিমিডিয়া প্ৰকল্পবোৰ জাকত জিলিকা হোৱালেই এতিয়া আমাৰ অপেক্ষা। (গীতাৰ্থ বৰদলৈ)
|
সিন্ধু সভ্যতা (ইং: Indus Valley Civilization) হৈছে ব্ৰঞ্জ যুগত (৩৩০০–১৩০০ খ্ৰীষ্টপূৰ্ব; পূৰ্ণতা প্ৰাপ্তি ২৬০০–১৯০০ খ্ৰীষ্টপূৰ্ব, প্ৰাক-হৰপ্পা সংস্কৃতিৰ আৰম্ভণি ৭৫০০ খ্ৰীষ্টপূৰ্ব) ভাৰত উপমহাদেশৰ উত্তৰ-পশ্চিম প্ৰান্ত, বৰ্তমানৰ পাকিস্তান আৰু আফগানিস্তানৰ উত্তৰ-পূবৰ কিছু অংশ সামৰি বিৰাজিত এক সভ্যতা। প্ৰাচীন ইজিপ্ত আৰু মেচ’পটেমিয়াকে ধৰি সিন্ধু সভ্যতা বিশ্বৰ তিনিটা প্ৰাচীনতম সভ্যতাৰ অন্যতম আৰু ১২,৫০,০০০ কিঃমিঃ জুৰি প্ৰসাৰিত এই সভ্যতা আটাইকেইটাৰ ভিতৰতে অধিক বিস্তাৰিত। এই প্ৰাচীন সভ্যতা এচিয়াৰ এক অন্যতম প্ৰধান নদ সিন্ধু আৰু বৰ্তমান শুকাই যোৱা সৰস্বতী নদীৰ পাৰত গঢ় লৈ উঠিছিল। সৰস্বতী নদী আৰু ইয়াৰ উপনৈসমূহ পূৰ্বতে পূব পাকিস্তান আৰু ভাৰতৰ উত্তৰ-পশ্চিম কোণেদি ঘাগৰ-হাকৰা নদীৰ সৈতে প্ৰৱাহিত হৈছিল। সিন্ধু আৰু সৰস্বতী দুয়োখন নদীৰ পাৰতে সিন্ধু সভ্যতা বিস্তাৰিত হোৱাৰ বাবে ইয়াক সিন্ধু-সৰস্বতী সভ্যতা (ইং: Indus-Sarasvati Civilisation) বুলিও অভিহিত কৰা হয়। চৰম শিখৰ প্ৰাপ্তিৰ সময়ত সিন্ধু সভ্যতাৰ মুঠ জনসংখ্যা সম্ভৱতঃ ৫০ লাখতকৈয়ো বেছি আছিল। সিন্ধু সভ্যতাৰ নিবাসীসকলে হস্তশিল্প আৰু ধাতুবিদ্যাৰ (তাম, ব্ৰঞ্জ, সীহ আৰু টিন) নতুন পদ্ধতিৰ বিকাশ ঘটাইছিল। ইয়াৰোপৰি সিন্ধু নগৰসমূহ গ্ৰাম পৰিকল্পনা, পোৰা ইটাৰে সজা ঘৰ, বিস্তাৰিত নলা, পানী যোগান ব্যৱস্থা আৰু বৃহৎ অট্টালিকাসমূহৰ বাবে জনাজাত। ১৯২০ৰ দশকত চলোৱা খননকাৰ্যত প্ৰথমে হৰপ্পা উদ্ধাৰ হোৱাৰ পিছৰে পৰা এই সভ্যতাক হৰপ্পা সভ্যতা বুলিও অভিহিত কৰা হয়। ব্ৰিটিছ শাসনকালত হৰপ্পা পঞ্জাৱত অন্তৰ্ভুক্ত আছিল। বৰ্তমান ই পাকিস্তানৰ অন্তৰ্ভুক্ত। ১৮৬১ চনতে আৰম্ভ হোৱা কাৰ্যসমুহে হৰপ্পা আৰু মহেঞ্জোদাৰোৰ আৱিষ্কাৰৰ পিছত ভাৰতীয় পুৰাতত্ত্ব বিভাগৰ প্ৰতিষ্ঠাৰ লগতে পূৰ্ণতা লাভ কৰে।] হৰপ্পাৰ থলীসমূহৰ খননকাৰ্য ১৯২০ চনৰ পৰাই চলি আছে। ১৯৯৯ চনত হৰপ্পাত কিছু প্ৰাচীন লিখনি উদ্ধাৰ কৰা হয়। হৰপ্পা সভ্যতাৰ একেডোখৰ ঠাইতে সময়ৰ ভিত্তিত হৰপ্পা সংস্কৃতিৰ তিনিটা ভাগ চিহ্নিত কৰা হয় আৰু ইয়াক ক্ৰমে প্ৰাৰম্ভিক, শেষ আৰু প্ৰাক-হৰপ্পা সংস্কৃতি হিচাপে জনা যায়। হাৰিয়ানাৰ ভিৰানা সম্ভৱতঃ আটাইতকৈ পুৰণি প্ৰাক-হৰপ্পা থলী (৭৫৭০-৬২০০ খ্ৰীষ্টপূৰ্ব)।
|
|